ৰঙিয়াত আইন শৃংখলাৰ বুজ ল’লে কামৰূপ জিলাৰ আৰক্ষী অধীক্ষকে
ৰাজ্যত বৃহস্পতিবাৰৰ পৰা জাৰি হৈছে নতুন এছঅ’পি । ইয়াৰ লগে লগে আইন শৃংখলা পৰিস্থিতি পৰ্যবেক্ষণ কৰিবলৈ ৰঙিয়াত উপস্থিত হয় কামৰূপ জিলা আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰয় । পৰ্যবেক্ষণৰ সময়ছোৱাত তেওঁৰ লগতে আৰক্ষী বাহিনীৰ বিষয়া সকলে স্থানীয় বিক্ৰেতা সকলৰ লগত মত বিনিময় কৰে আৰু অনাগত সময়চোৱাত কভিড প্ৰট'কল মানি চলিবলৈ আহ্বান জনায় । লগতে ব্যৱসায়ী, সাংবাদিক তথা সাধাৰণ ৰাইজৰ মাজত মাস্কো বিতৰণ কৰে আৰক্ষীয়ে । সংবাদমাধ্যমৰ লগত মত বিনিময় কৰোতে তেওঁ কয় যে, আইন উলংঘাকাৰী সকলৰ বিৰুদ্ধে প্ৰশাসন কঠোৰ হ’ব । লগতে সাংবাদিক সকলকো সজাগ হৈ বাতৰি সংগ্ৰহ কৰিবলৈ আহ্বান জনায় বিষয়া গৰাকীয়ে । আৰক্ষী অধীক্ষক জনৰ লগত সংগ দিয়ে অতিৰিক্ত আৰক্ষী অধীক্ষক ,মহকুমা আৰক্ষী বিষয়া আৰু ৰঙিয়া আৰক্ষীয়ে।