আৰক্ষীৰ গুলীত আহত শিশু হত্যাৰ অভিযোগত অভিযুক্ত বিক্ৰম এতিয়া কেনে আছে ? - AMCH
তিনিচুকীয়াৰ মাৰ্ঘেৰিটা মহকুমাৰ লিডু আৰক্ষী চকীৰ অন্তৰ্গত ১নং কলপৰা গাঁৱত এটি ১০ বছৰীয়া শিশুক নৃশংস ভাৱে হত্যা কৰাৰ অভিযোগত অভিযুক্ত বিক্ৰম দাস । আৰক্ষীয়ে অভিযুক্ত বিক্ৰম দাসক গ্ৰেপ্তাৰ কৰি নিয়াৰ সময়ত এজন আৰক্ষী জোৱানক আক্ৰমণ কৰি পলাবলৈ চেষ্টা চলাওঁতে তেওঁলৈ লক্ষ্য কৰি গুলি চলাব লগীয়া হয় আৰক্ষীয়ে । ইয়াৰ পিছতে দুই ভৰিত গুলিবিদ্ধ অভিযুক্ত বিক্ৰম দাসক মঙলবাৰে ডিব্ৰুগড়ৰ AMCH ত ভৰ্তি কৰোৱা হয় ৷ সম্প্ৰতি AMCH ৰ শৈল্য বিভাগত চিকিৎসাধীন হৈ থকা অভিযুক্ত জনৰ স্বাস্থ্যৰ শেহতীয়া স্থিতিৰ কথা জনালে AMCHৰ অধীক্ষক ডাঃ প্ৰশান্ত দিহিঙীয়াই ৷