সোনাইত বিধায়কৰ সৈতে প্ৰাক্তন বিধায়কৰ সংঘাত তুংগত
সোনাই সমষ্টিৰ (Sunai Constituency ) বিধায়ক কৰিম উদ্দিন (MLA Karim Uddin) আৰু প্ৰাক্তন বিধায়ক আমিনুল হক লস্কৰ (Aminul Haque Laskar)ৰ মাজৰ সংঘাট তুংগত উঠিছে । সোনাই সমষ্টিৰ প্ৰাক্তন বিধায়ক আমিনুল হক লস্কৰে (Aminul Haque Laskar) বর্তমান বিধায়ক কৰিম উদ্দিন (Karim Uddin)ৰ শিক্ষাগত অৰ্হতাৰ প্ৰমাণপত্ৰক লৈ কৰা অভিযোগক খণ্ডন কৰিছে বিধায়কগৰাকীয়ে । বিধায়কগৰাকীয়ে সোমবাৰে সংবাদমেলযোগে প্ৰাক্তন বিধায়ক আমিনুল হক লস্কৰে প্ৰমাণপত্ৰ বিতর্কক ইছ্যু হিচাপে লৈ চক্ৰান্ত কৰাৰ অভিযোগ কৰে ৷ ন্যায়ালয়ৰ ওপৰত পূর্ণ আস্থা আছে বুলি মন্তব্য কৰে সমষ্টিটোৰ বিধায়ক কৰিম উদ্দিনে ৷
Last Updated : Jul 20, 2021, 10:17 PM IST