অসম

assam

ETV Bharat / videos

Rajasthan Model Hunt : মডেলিঙৰ জৰিয়তে ৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল অসম সন্তান - মডেলিঙৰ জৰিয়তে ৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল অসম সন্তান

By

Published : Dec 26, 2021, 10:23 PM IST

Updated : Dec 27, 2021, 10:03 AM IST

পুনৰ ৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল অসম সন্তান । Kamla Modelling Academy আৰু Amwal Production ৰ উদ্যোগত বিগত ২০ ডিচেম্বৰৰ পৰা ২৩ ডিচেম্বৰলৈ তিনিদিনীয়া কাৰ্যসূচীৰে সৰ্বভাৰতীয় পৰ্যায়ত অনুষ্ঠিত হোৱা Mr & Miss Rajasthan Model Hunt প্ৰতিযোগিতাত অসমৰ তিনিগৰাকী মডেলে সফলতা লাভ কৰিবলৈ সক্ষম হৈছে । ভাৰতবৰ্ষৰ ভিন্ন প্ৰান্তৰ মুঠ ৭০ গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা উক্ত প্ৰতিযোগিতাত গুৱাহাটীৰ যুৱতী উৰ্বশী শইকীয়াই (Miss Category) মিছ ৰাজস্থান সন্মান, শিশু শাখাত চিত্ৰা দাসে মিছ কিড ৰাজস্থান সন্মান আৰু মিষ্টাৰ কেটগৰীত (Mr Category) গুৱাহাটীৰ ৰৌচন দাহলে দ্বিতীয় ৰানাৰ্চ আপ সন্মান লাভ কৰিবলৈ সক্ষম হয় । উল্লেখ্য যে, সৰ্বভাৰতীয় পৰ্যাত অনুষ্ঠিত হোৱা উক্ত মডেলিং প্ৰতিযোগিতাত অসমৰ 'ষ্টাৰ ইভেণ্ট প্ৰডাকচন' (Star Event Productions)ৰ তৰফৰ পৰা অসমৰ কেইবাজনো মডেলে অংশগ্ৰহণ কৰিছিল । অসমৰ পৰা যোৱা দলটোক নেতৃত্ব প্ৰদান কৰে 'ষ্টাৰ ইভেণ্ট প্ৰডাকচন'ৰ সঞ্চালক ছাহৰুখ আলি খানে । আনহাতে, এই যাত্ৰাত তেওঁক সংগ দিয়ে মডেল তথা সমাজকৰ্মী সাগৰিকা ৰয়, অভিনেতা মঞ্জিত ওবেৰী, ডিজাইনৰ প্ৰতীক শৰ্মা আৰু মৃদুপৱনে ।
Last Updated : Dec 27, 2021, 10:03 AM IST

ABOUT THE AUTHOR

...view details