কোকৰঝাৰৰ মিউজিক এণ্ড ফাইন আৰ্টছ কলেজত শিক্ষক আৰু ছাত্ৰৰ প্ৰতিবাদ - শিক্ষক আৰু ছাত্ৰৰ প্ৰতিবাদ
নামনি সমমৰ একমাত্ৰ মিউজিক এণ্ড ফাইন আৰ্টছ কলেজত এতিয়া অচলাৱস্থা । ২৯ জুনৰ পৰা মহাবিদ্যালয়খনৰ চৰকাৰীকৰণ আৰু চাকৰি নিয়মীয়া কৰাৰ দাবীত কলেজৰ শিক্ষক গোটে শ্ৰেণী বৰ্জন কৰাৰ পাচৰ পৰাই ছাত্ৰ-ছাত্ৰীৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে ।সমান্তৰালকৈ ছাত্ৰ-ছাত্ৰীয়েও নিয়মীয়া পাঠদানৰ দাবীত অনিৰ্দিষ্টকালীন ধৰ্ণা ৰূপায়ণ কৰি উত্তাল কৰি তুলিছে মহাবিদ্যালয় চৌহদ । ১৩ জুলাইৰ পৰা পৰীক্ষা অনুষ্ঠিত হ'বলগীয়া মহাবিদ্যালয়খনত শনিবাৰেও দেখা গ'ল একেই দৃশ্য ৷ কিন্তু এই পৰ্যন্ত কোনো পদক্ষেপ গ্ৰহণ কৰা নাই চৰকাৰে ৷