অসম

assam

ETV Bharat / videos

শিৱসাগৰত পৌৰ কৰ্মচাৰীৰ কৰ্ম বিৰতি ঘোষণা - 86 জন পৌৰসভাৰ কৰ্মচাৰী কৰ্মবিৰতিত আছে

By

Published : Oct 4, 2021, 9:55 PM IST

বিগত 14 মাহে বেতন বঞ্চিত হৈ থকাৰ প্ৰতিবাদত সোমবাৰৰে পৰা কৰ্মবিৰতি ঘোষণা কৰিছে শিৱসাগৰ পৌৰসভাৰ কৰ্মচাৰী সকলে ৷ যাৰ বাবে পৌৰসভাৰ সাধাৰণ শাখা, কৰ শাখা, কাৰিকৰী শাখা, পানী প্ৰকল্প শাখা আদিত নিয়োজিত 86 জন পৌৰসভাৰ কৰ্মচাৰীয়ে নিজ নিজ দায়িত্ব পালনৰ পৰা বিৰত আছে ৷ কৰ শাখাই এমাহৰ বেতনৰ বাবে 30 লাখ টকাৰ ফাইল পুট কৰাৰ পাছতো পৌৰসভাৰ কাৰ্যবাহী বিষয়াই চহী নকৰাৰ অভিযোগ উত্থাপন কৰিছে পৌৰসভাৰ কৰ্মচাৰী সকলে ৷ লগতে এই কৰ্মবিৰতি বেতন মোকলাই নিদিয়ালৈকৈ চলি থাকিব বুলি জনাইছে সদৌ অসম পৌৰ নিকায় কৰ্মচাৰী সন্থাৰ শিৱসাগৰ জিলা সমিতিয়ে ৷ উল্লেখযোগ্য যে, 1 অক্টোবৰৰ পৰা পৌৰসভাৰ চাফাই কৰ্মী সকল নিজ নিজ দাবী পূৰণৰ বাবে কৰ্ম বিৰতিত আছে ৷ পৌৰসভাৰ এই অচলাবস্থাৰ বাবে সম্প্ৰতি শিৱসাগৰ নগৰৰ পৰিষ্কাৰ পৰিচ্ছন্নতা, পানী যোগান আদিকে ধৰি পৌৰ সভাৰ কাম কাজত ব্যাপক ৰূপত প্ৰভাৱ পৰিছে ৷

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details