নগাঁও আৰক্ষীয়ে ৰাইজক কিয় দিলে কঠোৰ সকিয়নী ? - কলিয়াবৰ
নগাঁও জিলাত ক্ৰমান্বয়ে ক'ভিডত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাত পূৰ্বতকৈ কঠোৰ হৈছে নগাঁও আৰক্ষী। চৰকাৰে জাৰি কৰা ক'ভিড নীতি পালন কৰিবলৈ চৰম সকিয়নী প্ৰদান কৰে আৰক্ষীয়ে ৷ কাৰণ চৰকাৰে বলৱৎ কৰা এচ অ পি (SOP) অনুসৰি দোকান পোহাৰ ১২ বজাত বন্ধ কৰিব লাগে যদিও একাংশ অসচেতন ব্যৱসায়ীয়ে ১২ বজাৰ পাছলৈকে দোকান খুলি ৰখাত কলিয়াবৰ আৰক্ষী(POLICE) কঠোৰ হোৱা দেখিবলৈ পোৱা গৈছে। আৰক্ষীয়ে শুকুৰবাৰে কলিয়াবৰৰ বিভিন্ন প্ৰান্তত উপস্থিত হৈ ১২ বজাৰ লগে লগে কঠোৰ ভাৱে দোকান পোহাৰ বন্ধ কৰোৱা দেখা গৈছে ৷