অসম

assam

By

Published : Jul 4, 2021, 8:52 PM IST

ETV Bharat / videos

লকডাউনৰ অন্তিম দিনটোত কঠোৰ হ’ল গহপুৰ আৰক্ষী

ৰাজ্যৰ চাৰিখন জিলাৰ লগতে বিশ্বনাথ জিলাতো ৭ দিনিয়াকৈ লকডাউন ঘোষণা কৰে চৰকাৰে । ইফালে এই লকডাউনৰ দেওবাৰে অন্ত পৰে । লকডাউনৰ অন্তিমটো দিনত বিশ্বনাথ জিলাৰ গহপুৰ মহকুমা অসম অৰুণাচল সীমান্ত ৰাজগড় আৰক্ষী কঠোৰ হোৱা পৰিলক্ষিত হৈছে । উল্লেখযোগ্য যে, অসম অৰুণাচল সীমান্ত অসমৰ গহপুৰ হলংগি এলেকাত সকলো ব্যৱসায়ীক প্ৰতিষ্ঠান বন্ধ আছে যদিও কাষতে লাগি থকা অৰুণাচল প্ৰদেশৰ হলংগিত সকলো দোকান-বজাৰ সমূহ খোলা আছে । যাতে অসমৰ কোনো লোক অৰুণাচল লৈ যাব নোৱাৰে লগতে অৰুণাচলৰ পৰাও যাতে কোনো লোক বিনা কাৰণত অসমত প্ৰৱেশ কৰিব নোৱাৰে তাৰ বাবে কঠোৰ হৈছে গহপুৰ ৰাজগড় আৰক্ষী । আনহাতে ক'ভিডৰ দ্বিতীয়টো ঢৌত বিশ্বনাথ জিলাত বৰ্তমান লৈকে ৬ হাজাৰ লোকৰ দেহত চিনাক্ত হৈছে ক'ভিড পজিটিভ । ইয়াৰ বিপৰীতে সুস্থ হৈছে ৫ হাজাৰো অধিক লোক । বিশ্বনাথ জিলাত পূৰ্বতকৈ বহু পৰিমানৰ হ্ৰাস পাইছে ক'ভিডত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ।

ABOUT THE AUTHOR

...view details