উৰুখা পঁজাত জীৱন সংগ্ৰামত ব্ৰতী বিষ্ণু ৰাভাৰ দেহৰক্ষী তথা স্বাধীনতা যুঁজাৰু - কমৰেড
কলাগুৰু বিষ্ণু ৰাভা দিৱসৰ দিনটোতে চৰ্চালৈ আহিছে ৰাভাৰ এজন দেহৰক্ষী ৷ দেহৰক্ষী হিচাপে কৰ্মৰত আছিল পূৰ্ণানন্দ গগৈ নামৰ এজন লোকজন ৷ বৰ্তমান উৰুখা পঁজাত জীৱন সংগ্ৰামত ব্ৰতী হৈছে বিষ্ণু ৰাভাৰ দেহৰক্ষীজন ৷ আজি কলাগুৰু বিষ্ণু ৰাভা দিৱস । এই ৰাভা দিৱসতে চৰ্চালৈ আহিছে এজন কমৰেডৰ প্ৰসংগ ৷ উৰুখা পঁজাত জীৱন সংগ্ৰামত ব্ৰতী বিষ্ণু ৰাভাৰ দেহৰক্ষী । ১৯৪৯ চনত গুৱাহাটীৰ বেলতলাৰ পৰা আমগুৰিৰ জননেতা খগেন বৰবৰুৱা গৃহলৈ দেহৰক্ষী হিচাপে পলুৱাই অনা আমগুৰিৰ দ্বিতীয় কমৰেডজন বৰ্তমান বাস কৰি আছে অতি দুৰ্দশাময় পৰিস্থিতিত ৷ এটা জৰাজীৰ্ণ বাসগৃহ,টিঙত অলেখ ফুটা,বৰষুণ দিলে ভিতৰত পানী পৰা গৃহতে জীৱন অতিবাহিত কৰিব লগা হৈছে আমগুৰিৰ দ্বিতীয় কমৰেডজনে । শিৱসাগৰ জিলাৰ আমগুৰিৰ শেণচোৱা গাঁও আহুকলীয়া চুকৰ দ্বিতীয় কমৰেড হিচাপে পৰিচিত ৯৭ বছৰীয়া এইজন ব্যক্তি হ'ল কমৰেড পূৰ্ণানন্দ গগৈ । নেতাজী সুভাষ চন্দ্ৰ বসুৰ আজাদ হিন্দ ফৌজৰ অন্যতম এজন সেনানী,স্বাধীনতা আন্দোলনৰ বীৰ যোদ্ধা পূৰ্ণানন্দ গগৈ আছিল বিষ্ণু প্ৰসাদ ৰাভাৰ দেহৰক্ষী । ১৯৪৫ চনৰপৰা এবছৰ তিনিমাহ ধৰি দেহৰক্ষী হিচাপে কৰ্মৰত আছিল পূৰ্ণানন্দ গগৈ । অটব্য হাবি জংঘলত স্বাধীনতাৰ বাবে বৃটিছৰ পৰাধীনতা ছিঙিবৰ বাবে প্ৰশিক্ষণপ্ৰাপ্ত পূৰ্ণানন্দ গগৈয়ে বিষ্ণুৰাভাৰ আদৰ্শৰে অনুপ্ৰাণিত হৈছিল । জননেতা খগেন বৰবৰুৱাৰো দেহৰক্ষী হিচাপে কৰ্মৰত পূৰ্ণানন্দ গগৈয়ে স্বাধীনতা আন্দোলনত জপিয়াই বহুবাৰ কাৰাবাস খটাৰ লগতে হাতত গুলী লগাৰ পিছতো আজিও নাপালে চৰকাৰী সুবিধা । মুক্তিযুঁজাৰু পেঞ্চন বাদেই এইজন সেনানীক ৰজাঘৰে নিদিলে এটা চৰকাৰী বাসগৃহ । উৰুখা পঁজাতে জীৱনৰ ৯৭ টা বছৰ অতিক্ৰম কৰা কমৰেড পূৰ্ণানন্দ গগৈ আজিও তজবজীয়া হৈয়ে আছে । বয়সে আচোৰ পৰিলেও নিজেই চাইকেল চলাই সমাজৰ হিতৰ কাৰণে ঘূৰি ফুৰা এইজন কমৰেডে এতিয়া সহায় ভিক্ষা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ৷