মাকৰ ঘৰলৈ বৰদৈচিলা - bordoisila
পুৱতি নিশা এজাক প্ৰচণ্ড ধুমুহা-বৰষুণে কোবাই গ'ল ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ৷ ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ ধুমুহাই সৃষ্টি কৰিলে ধ্বংসলীলা ৷ ধুমুহাত ভাগি পৰিল মালিগাঁৱৰ ৰেলৱে ষ্টেডিয়ামত অনুষ্ঠিত পাণ্ডু বিহু সন্মিলনীৰ মঞ্চ ৷ লতাশিল বিহুতলীতো ধুমুহাৰ তাণ্ডৱ ৷ ধুমুহাৰ পৰা সাৰি নগ'ল খানাপাৰাত থকা বিজেপিৰ এইটো অস্থায়ী কাৰ্যালয় ৷ গোৱালপাৰাৰ বহু অঞ্চলত ধুমুহাই ক্ষতিসাধন কৰে বহু পৰিয়ালৰ ঘৰ-দুৱাৰ ৷ কেইবা ঠাইত গছ-গছনি উভালি পৰাৰ বাবে বিদ্যুত সংযোগৰ লগতে ব্যাহত হৈ পৰে যাতায়ত ৷