অসম

assam

ETV Bharat / videos

বিদ্যুৎ নিয়ন্ত্ৰণ কক্ষ ব্যক্তিগতকৰণৰ বিৰুদ্ধে ধৰ্ণা

By

Published : Nov 8, 2021, 9:34 PM IST

বৰপেটাত অসম ষ্টেট পাৱাৰ ৱৰ্কছ ইউনিয়নৰ ধৰ্ণা ৷ বৈদ্যুতিক চক্ৰৰ অধীনৰ ৩৩/১১ কেভি উপ-কেন্দ্র সমূহক ফ্রেন্সাইজি কৰাৰ বাবে আহ্বান কৰা নিবিদা বন্ধৰ দাবীত বৰপেটাত ধৰ্ণা । এপিডিচিএল কর্তৃপক্ষই যিবিলাক উপ-কেন্দ্ৰ ইউনিয়নৰ কৰ্মচাৰীৰ দ্বাৰা চলাই থকা হৈছে সেইবিলাক ফ্ৰেঞ্চাইচি নকৰাৰ প্ৰতিশ্ৰুতি দিছিল যদিও উর্দ্ধতম কর্তৃপক্ষই উপ-কেন্দ্র সমূহ ফ্রেন্সাইচি কৰাৰ যি ব্যৱস্থা কৰা হৈছে তাক আসাম টেট পাৱাৰ ৱকাচ ইউনিয়নৰ বৰপেটা মণ্ডলে তীব্ৰ বিৰোধিতা কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷ উপকেন্দ্ৰ সমূহ ব্যক্তিগত খণ্ডক গটাই দিব বিচৰা নিবিদা পুনৰ বিবেচনা কৰি ৩৩/১১ কে, ভি উপকেন্দ্রসমূহ ফ্রেন্সাইজিৰ আওতাৰ বাহিৰত ৰাখিবলৈ দাবী জনায় ইউনিয়নে । অন্যথা আসাম ষ্টেট পাৱাৰ ৱৰ্কচ ইউনিয়নে তীব্ৰ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰাৰো দিলে হুংকাৰ ৷

ABOUT THE AUTHOR

...view details