অসম

assam

By

Published : Oct 20, 2021, 1:57 PM IST

ETV Bharat / videos

সুশান্তক উদ্ধাৰৰ বাবে থাওৰালৈ আজি ৰাজ্যিক বিজেপিৰ সভাপতি

আকৰ্ষণীয় হোৱাৰ দিশে ৰাজ্যৰ উপ-নিৰ্বাচন(By Election) ৷ উপ-নিৰ্বাচনক কেন্দ্ৰ কৰি তৎপৰ হৈ পৰিছে ৰাজ্যৰ প্ৰতিটো ৰাজনৈতিক দল ৷ সকলোৰে যেন এটাই উদ্দেশ্য ৷ বিগত অসম বিধানসভাৰ নিৰ্বাচনত মুখথেকেচা খোৱা বিৰোধী দল কংগ্ৰেছেও উঠি-পৰি লাগিছে উপ-নিৰ্বাচনক কেন্দ্ৰ কৰি ৷ উপ-নিৰ্বাচনলৈ মাথো 11 দিনহে বাকী ৷ নিৰ্বাচনী প্ৰচাৰেৰে ভোটাৰৰ মন জয় কৰিবলৈ সমষ্টিসমূহত ভিৰ কৰিছেহি ৰাজনৈতিক নেতাসকলে ৷ বিগত সময়ত কংগ্ৰেছ নেতা তথা থাওৰাৰ বিধায়ক সুশান্ত বৰগোঁহায়ে(Sushanta Borgohain) দল ত্যাগ কৰি গেৰুৱা বসন পৰিধান কৰিছিল ৷ তাৰপিছতে সমষ্টিটোৰ বিধায়ক পদ শূন্য হৈ পৰে ৷ নিৰ্বাচনী প্ৰচাৰৰ স্বাৰ্থতে বুধবাৰে সমষ্টিটোত উপস্থিত হ’ব অসম ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা(Bhabesh Kalita) ৷ কলিতাই সমষ্টিটোৰ ভিন্ন স্থানৰ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিব ৷ ৰাজ্যিক বিজেপিৰ সভাপতিৰ ভ্ৰমণৰ প্ৰাকক্ষণত থাওৰাত উপস্থিত হৈ মন্ত্ৰী যোগেন মহনে(Jogen Mohan) প্ৰায় 20 হাজাৰ ভোটত গেৰুৱা বাহিনীৰ প্ৰাৰ্থী জয়ী হোৱাৰ দাবী উত্থাপন কৰে ৷ দল সলনি হ’লেও সুশান্তৰ প্ৰতি ৰাইজৰ মৰম একে থকা বুলি ব্যক্ত কৰে মহনে ৷ যদিও ৰাইজৰ দলৰ হৈ সমষ্টিটোত অখিল গগৈয়ে প্ৰচাৰ চলাইছে, ৰাইজে কিন্তু ভোট বিজেপিকেই দিব- এই দাবী মন্ত্ৰীগৰাকীৰ ৷ ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীৰ থাওৰা ভ্ৰমণৰ পূৰ্বে অনুষ্ঠানৰ যাৱতীয় প্ৰস্তুতি সম্পৰ্কে বুজ লৈ এইদৰে মন্তব্য কৰে মন্ত্ৰী মহনে ৷

ABOUT THE AUTHOR

...view details