ৰঙানদীৰ বুকুত পোত যোৱা এমুঠি সপোনৰ আত ধৰি....
সপোনবোৰো উটি গ'ল ৰঙানদীৰ বুকুত ৷ সপোনৰ ঘৰখন,খেতিপথাৰ,সকলো৷ চাৰিওফালে কেৱল বালি আৰু বোকাৰ প্ৰলেপ৷ ৰঙানদীৰ সেই ভয়াৱহ তাণ্ডৱৰ কথা এতিয়াও পাহৰিব পৰা নাই তেওঁলোকে৷ প্ৰতিমূহুৰ্ততে খেদি ফুৰে বিভীষিকাই ৷ মাত্ৰ কেইটা মান মূহুৰ্তৰ ভিতৰতে থানবান হৈ গৈছিল সকলো ৷ নৈৰ পানীত বুৰ গৈছিল ঘৰ বাৰী সকলো ৷ যেয়ে যেনেকৈ পাৰে নিশাৰ ভিতৰতে আতৰি গৈছিল প্ৰাণটো বচাই ৷ যোৱাৰ সময়ত এৰি থৈ গৈছিল মৰমৰ ঘৰখন ৷ কেবাদিনো মথাউৰিত কটোৱাৰ পিচত পুনৰ ঘূৰি আহিছে আপোন ঘৰখনলৈ৷ সকলো সলনি হৈছে ৷ চোতালত,ঘৰৰ ভিতৰত বোকাৰ তৰপ বান্ধিছে....