‘আমাৰ অতিথি’ত এইবাৰৰ অতিথি বিশিষ্ট চাহ খেতিয়ক বিদ্যানন্দ বৰকাকতি - চাহ খেতিয়ক
অসমৰ চাহ উদ্যোগৰ ভৱিষ্যৎ আজি কোনো দিশে ? কেঁচা পাতৰ দামৰ সঘন উঠা নমা, উৎপাদন খৰছৰ অভাৱনীয় হাৰত বৃদ্ধি, বজাৰত দাম হ্ৰাস, বতৰৰ নেতিবাচক পৰিৱৰ্তন ইত্যাদি এশ এবুৰি সমস্যাৰ দ্বাৰা চাহ উদ্যোগৰ ভৱিষ্যৎ আজি অন্ধকাৰ । কিন্তু তাৰ মাজতে অসমৰ মাটিত দুশ বছৰীয়া এই কৃষি উদ্যোগক লৈ বহুতে আজিও অব্যাহত ৰাখিছে সম্ভাৱনাৰ সন্ধান । অসমৰ এটা অতি পুৰণি চাহ খেতিয়কৰ পৰিয়ালৰ সন্তান বিদ্যানন্দ বৰকাকতি । মণিৰাম দেৱানৰ সমান্তৰালকৈ তেওঁৰ পূৰ্বপুৰুষে আৰম্ভ কৰিছিল চাহ খেতি । তেওঁ আজি পঞ্চম প্ৰজন্মৰ প্ৰতিনিধি । কেৱল চাহ খেতিয়ক বা উদ্যোগীয়েই নহয়, তেওঁ এগৰাকী চাহ উদ্যোগৰ বিশিষ্ট সংগঠক । ইটিভি ভাৰতৰ বিশেষ অনুষ্ঠান ‘আমাৰ অতিথি' ত বিশিষ্ট চাহ উদ্যোগী তথা নৰ্থ ইষ্ট টি এছ'ছিয়েছনৰ উপদেষ্টা বিদ্যানন্দ বৰকাকতি । অতিথি বৰকাকতিৰ সৈতে কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ক লৈ কথা পাতিছে ইটিভি ভাৰত, অসমৰ ব্যুৰ' চীফ নয়নজোতি ভূঞাই ।