অসম

assam

ETV Bharat / videos

বৃহৎ ভূমিকম্পই কঁপাব নেকি অসম ? - ভূমিকম্প

By

Published : May 28, 2021, 9:18 PM IST

Updated : May 29, 2021, 1:38 PM IST

আজিৰ পৰা এমাহ পূৰ্বে ২৮ এপ্ৰিলৰ পুৱা ৭ বাজি ৫১ মিনিট ২৫ ছেকেণ্ডত ৰিখটাৰ স্কেলত ৬.৭ প্ৰাৱল্যৰ এক ভূমিকম্পই জোকাৰি গৈছিল সমগ্ৰ অসম। প্ৰৱল সেই জোকাৰণিৰ পাছত একেলেথাৰিয়ে কেইবাটাও মৃদু জোকাৰণি অনুভূত হৈছিল ৰাজ্যত । সেই প্ৰৱল ভূমিকম্পৰ ফলত ৰাজ্যৰ বিভিন্ন স্থানত বিস্তৰ ক্ষয়-ক্ষতি হৈছিল । গুৱাহাটীৰ বহু অট্টালিকাত ফাঁট মেলা দেখা গৈছিল । লক্ষণীয় বিষয় যে ২৮ এপ্ৰিলৰ সেই শক্তিশালী ভূমিকম্পৰ পাছত প্ৰায় দৈনিক মৃদু ভূমিকম্প হৈ আহিছে ৰাজ্যত। সেই প্ৰৱল ভূমিকম্পৰ পাছৰে পৰা এতিয়ালৈকে অৰ্ধশতাধিক ভূমিকম্প হোৱাৰ তথ্য পোৱা গৈছে। তেনেস্থলত ৰাজ্যবাসী শংকিত হোৱাটো স্বাভাৱিক কথা । পুনৰ বৰভূমিকম্পই কঁপাব নেকি অসম ? কিয় সঘনাই হৈ আছে ভূমিকম্প? প্ৰকৃতিয়ে কিহৰ আগজাননী দিছে ? ১৯৫০ চনত হোৱা বৰভূমিকম্প পুনৰ হ'ব নেকি? বৰ্ত্তমান পৰিস্থিতিত এনে নানান প্ৰশ্নই উত্থাপন হৈছে ৷ এই সন্দৰ্ভত ভূ-বিজ্ঞানী মুন চন্দ্ৰ ডেকাৰ সৈতে ইটিভি ভাৰতৰ এক বিশেষ সাক্ষাৎকাৰ...
Last Updated : May 29, 2021, 1:38 PM IST

ABOUT THE AUTHOR

...view details