অসম

assam

ETV Bharat / videos

হোজাইত বিশেষভাৱে সক্ষম লোকৰ মাজত সাহাৰ্য বিতৰণ - হোজাই

By

Published : Oct 8, 2021, 8:29 AM IST

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জন্মদিন উপলক্ষে 17 ছেপ্তেম্বৰৰ পৰা 7 অক্টোবৰলৈ দেশজুৰি বিজেপিয়ে গ্ৰহণ কৰিছিল বিভিন্ন কাৰ্যসূচী ৷ ইয়াৰে অংশস্বৰূপে বৃহস্পতিবাৰে বিজেপি হোজাই জিলাৰ উদ্যোগত লংকা বিজেপি টাউন মণ্ডলৰ সহযোগত, লংকা সমাজ কল্যাণ বিভাগৰ তৰফৰ পৰা জিলাখনৰ বিশেষভাৱে সক্ষম লোকসকলৰ মাজত বিতৰণ কৰা হয় সাহাৰ্য সামগ্ৰী ৷ জিলাখনৰ বিভিন্ন প্ৰান্তৰ বিশেষভাৱে সক্ষম লোকসকলৰ মাজকত বিতৰণ কৰা হয় হুইল চিয়াৰ, ষ্টিক আদি বিভিন্ন সামগ্ৰী ৷ উক্ত অনুষ্ঠানত হোজাই সমষ্টিৰ বিধায়ক ৰামকৃষ্ণ ঘোষ আৰু লামডিং সমষ্টিৰ বিধায়ক শিবু মিশ্ৰৰ লগতে হোজাই জিলা বিজেপিৰ সভাপতি অনুপ দেৱ আৰু কৰ্মকৰ্তাসকলৰ উপৰিও সমাজ কল্যাণ বিভাগৰ বিভাগৰ কৰ্মচাৰীসকল উপস্থিত থাকে ৷

ABOUT THE AUTHOR

...view details