ধেমাজিৰ চোতালে চোতালে হাইদাং হুচঁৰি
আজি পহিলা ব’হাগ ৷ ৰঙালীৰ ৰঙত মতলীয়া প্ৰতি গৰাকী অসমীয়া ৷ ঢোল,পেঁপা আৰু গগনাৰ মাতেৰে মুখৰিত হৈছে অসমৰ চৌদিশ ৷ ৰাজ্যৰ আন আন প্ৰান্তৰ দৰে ধেমাজিৰ বৰদলনি বৰবাম সোণোৱাল কছাৰী গাৱঁতো দেখা গৈছে ৰঙালীৰ পাৰ ভঙা উচাহ ৷ জনগোষ্ঠীটোৰ যুৱকসকলে লগ হৈ পৰম্পৰাগত ভাৱে চোতালে চোতালে জুৰিলে হাইদাং হুচঁৰি ৷