অসম

assam

ETV Bharat / videos

হাইস্কুল শিক্ষান্ত পৰীক্ষাত শিৱসাগৰৰ হিমাশ্ৰী বৰুৱাৰ ষষ্ঠ স্থান - হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল

By

Published : Jun 6, 2020, 12:58 PM IST

শিৱসাগৰ, 6 জুন : সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰাজ্যৰ শীৰ্ষ দহটা স্থানত অন্তৰ্ভূক্ত হ'ল শিৱসাগৰ জিলাৰ তিনি গৰাকীকৈ ছাত্ৰ-ছাত্ৰী ৷ শিৱসাগৰ নগৰৰ সমীপৰ কাথপাৰৰ ধ্ৰুৱ বৰুৱা আৰু মেঘালী বৰুৱাৰ কন্যা হিমাশ্ৰী বৰুৱাই লাভ কৰিলে ষষ্ঠ স্থান ৷ হিমাশ্ৰী শিৱসাগৰৰ ফুলেশ্বৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী । আটাইকেইটা বিষয়ত লেটাৰ মাৰ্ক সহ উত্তীৰ্ণ হোৱা ছাত্ৰী গৰাকীয়ে মুঠ ৫৮৮ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে । সেইদৰে নামতি চাৰিআলি জাতীয় বিদ্যালয়ৰ পৰা অষ্টম স্থান লাভ কৰে অন্তৰীক্ষ হাজৰিকা আৰু মৰাণহাটৰ ছেইণ্ট জোছেফ হাইস্কুলৰ পৰা অভিনৱ গগৈয়ে নৱম স্থান লাভ কৰিছে ।

ABOUT THE AUTHOR

...view details