অসম

assam

চৰকাৰৰ নিৰ্দেশলৈ বুঢ়া আঙুলি টোৱাই যোৰহাটত সান্ধ্য আইন উলংঘা

By

Published : Jul 10, 2021, 7:35 PM IST

চৰকাৰৰ নিৰ্দেশলৈ বুঢ়া আঙুলি দেখুৱাই সান্ধ্য আইন(Curfew) বলৱৎ থকা সময়ত নীতি-নিয়ম উলংঘা কৰিছে যোৰহাট(Jorhat)ৰ একাংশ লোকে । শনিবাৰে যোৰহাট চহৰৰ সদাব্যস্ত মাৰোৱাৰী ঠাকুৰবাৰীৰ সন্মুখত পৰিলক্ষিত হ'ল মেলা সদৃশ পৰিৱেশ । ২৪ ঘণ্টাই সান্ধ্য আইন(Curfew) জাৰি কৰাৰ নামত যেন ভেকো-ভাওনাহে চলিছে যোৰহাটত । বজাৰৰ পৰা সামগ্ৰী ক্ৰয় কৰাৰ অজুহাতত ওলাই আহিছে বহু লোক । ইতিমধ্যে ৬০ খন বাহন জব্দ কৰাৰ লগতে নিয়ম ভংগকাৰীক জৰিমনাও বিহিছে আৰক্ষীয়ে । তাৰ পাচতো সজাগ হোৱা নাই একাংশ লোক । আনহাতে, জিলাখনত দৈনিক বৃদ্ধি পাইছে ক'ভিড-১৯(Covid-19)ত আক্ৰান্তৰ সংখ্যা । মহামাৰীৰ কবলত পৰি এতিয়ালৈকে যোৰহাটৰ ২৪৯ জন লোকে প্ৰাণ হেৰুৱাইছে । জিলাখনত বৰ্তমান সক্ৰিয় ৰোগীৰ সংখ্যা ২০৭৪ জন ।

ABOUT THE AUTHOR

...view details