অসম

assam

By

Published : May 21, 2021, 8:04 PM IST

Updated : May 31, 2021, 6:26 AM IST

ETV Bharat / videos

গানেৰে ক’ভিড সজাগতা বৃদ্ধিৰ চেষ্টা জনপ্ৰিয় কণ্ঠশিল্পী বিপিন চাউদাঙৰ

ৰাজ্যৰ চৌদিশে এতিয়া ক'ভিডে সৃষ্টি কৰিছে ভয়াৱহ পৰিস্থিতি । প্ৰতিদিনাই ক্ৰমবৰ্দ্ধমান গতিত ক'ভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে ৷ ক'ভিডত আক্ৰান্ত হৈ ইতিমধ্যে প্ৰাণ হেৰুৱাইছে বহুলোকে। কিন্তু, এতিয়াও সজাগ-সচেতন হোৱা নাই একাংশ লোক । এনে ভয়াৱহ পৰিস্থিতিত সকলোকে সজাগ হৈ থাকিবলৈ এটি গানৰ জৰিয়তে আহ্বান জনালে জনপ্ৰিয় কণ্ঠশিল্পী বিপিন চাউদাঙে । সচৰাচৰ সামাজিক বিষয়বস্তু সমূহকলৈ নিজৰ কন্ঠৰে বাৰ্তা প্ৰেৰণ কৰা শিল্পী গৰাকীয়ে, এইবাৰো ক’ভিড সৃষ্ট পৰিৱেশকলৈ প্ৰয়োজনীয় সজাগতাৰ দিশত জনতাৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ নিজৰ কন্ঠক মাধ্যম হিচাপে ব্যৱহাৰ কৰে শিল্পীগৰাকীয়ে ৷ইফালে, ক'ভিড পৰিস্থিতিৰ বাবে বিগত বৰ্ষৰ পৰাই শিল্পী, কলা-কুশলী সকল এক প্ৰকাৰে দিশহাৰা হোৱাৰ অৱস্থা হৈছে । বিগত বৰ্ষত মহামাৰীৰ ভয়াৱহতাৰ বাবে বাতিল হৈছিল বহাগ বিহুৰ সকলো অনুষ্ঠান ইয়াৰ বিপৰীতে এইবেলি বহাগত অনুষ্ঠান সমূহ আৰম্ভ হৈছিল যদিও মহামাৰীৰ দ্বিতীয়টো ঢৌত পুনৰ বাতিল হৈছিল সকলোধৰণৰ সাংস্কৃতিক অনুষ্ঠান ৷ এনে সময়তে, চৰকাৰে শিল্পী, কলা-কুশলী সকলক চকু মেলি চোৱাৰ বাবে আহ্বান জনালে কণ্ঠশিল্পী বিপিন চাউদাঙে। আনহাতে, সদ্য গঠিত নতুন মন্ত্ৰীসভাত সাংস্কৃতিক মন্ত্ৰীত্ব লাভ কৰা টিংখাঙৰ বিধায়ক বিমল বৰাক শিল্পীগৰাকীয়ে ফোনযোগে ক'ভিডৰ ভয়াৱহ পৰিস্থিতিত শিল্পী সকলক চৰকাৰীভাৱে সহায় কৰাৰ আহ্বান জনাইছে বুলিও সাংবাদিকৰ আগত প্ৰকাশ কৰে ।
Last Updated : May 31, 2021, 6:26 AM IST

ABOUT THE AUTHOR

...view details