শিলচৰ বিমান বন্দৰত জৰুৰীকালীন অৱতৰণ এয়াৰ ইণ্ডিয়াৰ বিমান - Air India
শিলচৰ বিমানবন্দৰত যাত্ৰীসকলৰ মাজত বুধবাৰে সৃষ্টি হয় এক হাহাকাৰ পৰিস্থিতিৰ ৷ পুৱা শিলচৰ বিমানবন্দৰ পৰা এয়াৰ ইণ্ডিয়াৰ এখন বিমান কলকাতাৰ উদ্দেশ্যে উৰা মাৰিছিল ৷ কিন্তু আকাশলৈ উৰা মৰাৰ পিছতে বিমানখনত হঠাতে যান্ত্ৰিক বিজুতিয়ে দেখা দিয়ে ৷ ইয়াৰ পাছতেই পাইলটে তৎকালীনভাবে বিমানখন পুনৰ শিলচৰ বিমানবন্দৰত অৱতৰণ কৰায় ৷ যাৰ বাবে এক নিশ্চিত দূৰ্ঘটনাৰ পৰা উদ্ধাৰ হোৱাৰ লগতে প্ৰাণ ৰক্ষা পৰে বিমানখনৰ প্ৰায় শতাধিক যাত্ৰীৰ ৷ ইপিনে বিমানখনক জৰুৰীকালীন ভাৱে অৱতৰণ কৰোৱাৰ পিছত শিলচৰৰ বিমান বন্দৰৰ পৰা সকলো বিমানৰ যাত্ৰা বাতিল কৰি দিয়া হয় ৷ আনহাতে যান্ত্ৰিক বিজুতি ঘটা বিমানখনৰ মেৰামতি কৰাৰ বাবে গুৱাহাটীৰ পৰা এটা দল আহি শিলচৰলৈ ৰাওনা হোৱা বুলি জানিব পৰা গৈছে ৷
Last Updated : Nov 10, 2021, 9:27 PM IST