অসম

assam

ETV Bharat / videos

ৰাজ্যত আটাইতকৈ বেছি চান্দা বিজেপিয়ে সংগ্ৰহ কৰে: শৃংখল চলিহা - Forceful Donation Culture Now A Criminal Offence

By

Published : Feb 2, 2022, 7:14 PM IST

মঙলবাৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ দল-সংগঠনক চান্দা সংস্কৃতি বন্ধ কৰাৰ কথা কোৱাৰ লগতে চান্দা সংস্কৃতিৰ ওপৰত বিশেষ আইন অনাৰ কথা উল্লেখ কৰিছিল (Forceful Donation Culture Now A Criminal Offence_CM) । ইয়াৰ পাছতে বুধবাৰে ডিব্ৰুগড়ত বীৰ লাচিত সেনাৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক শৃংখল চলিহা উপস্থিত হৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, ৰাজ্যত আটাইতকৈ বেছি চান্দা বিজেপিয়ে সংগ্ৰহ কৰে (Forceful donation culture)। এই কথা ৰাজহুৱাকৈ বিজেপিয়ে উল্লেখ কৰিছিল । প্ৰথমে বিজেপিয়ে বনিয়া বেপাৰীৰ পৰা কোটি কোটি টকা লৈ নিৰ্বাচন খেলে । সেই বনিয়া গোষ্ঠীৰ টকা কেনেকৈ ঘূৰাই দিব পৰা যায় বিজেপিয়ে চিন্তা কৰক । আমি কেনেকৈ সংগঠন চলাম বিজেপিয়ে চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই বুলি উল্লেখ কৰে নেতাজনে । আনহাতে মায়ঙৰ এখন মহাবিদ্যালয়ৰ এগৰাকী অধ্যক্ষক বেংগলি টাইগাৰ ফৌজৰ উপদেষ্টা বুলি চিনাকি দি ভাবুকি প্ৰদান কৰা অডিঅ’ ৰেকৰ্ডিং সামাজিক মাধ্যমত ভাইৰেল হোৱা সংক্ৰান্তত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে শৃংখল চলিহাই ।

ABOUT THE AUTHOR

...view details