শ্বেৰমান আলীৰ মন্তব্যত উত্তপ্ত হৈছে ৰাজ্য - সদৌ অসম ছাত্ৰ সন্থা
গৰুখুটিৰ ঘটনাৰ সৈতে পুনৰ উত্থাপিত হৈছে জুইয়ে পোৰো 83 ৰ ইতিহাস ৷ 83 ৰ আন্দোলনৰ বীৰ শ্বহীদ দয়ানাথ শৰ্মা আৰু আন সকলক ঘাতক আখ্যা দি বিপদত পৰিছে বাঘবৰ সমষ্টিৰ বিধায়ক শ্বেৰমান আলী ৷ ৰাজ্যজুৰি বিধায়ক গৰাকীৰ এই বিতৰ্কিত মন্তব্যক লৈ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷ ইতিমধ্যে , ৰাজ্য চৰকাৰ , সদৌ অসম ছাত্ৰ সন্থাকে ধৰি বিভিন্ন দল সংগঠন জাঙুৰ খাই উঠিছে কংগ্ৰেছী বিধায়ক গৰাকীৰ মন্তব্যত ৷ শ্বেৰমান আলীক গ্ৰেপ্তাৰ কৰাৰ দাবীত ঠাইয়ে ঠাইয়ে সদৌ অসম ছাত্ৰ সন্থাই দাখিল কৰিছে এজাহাৰ ৷ শেহতীয়াকৈ অসম আন্দোলনৰ পটভূমি মঙলদৈত উপস্থিত হৈ মন্ত্ৰী পীযুষ হাজৰিকাই শ্বেৰমান আলীৰ মানসিক বিকৃতি ঘটা বুলি তীৰ্যক মন্তব্য কৰাৰ লগতে কংগ্ৰেছ দলৰ ভাবমূৰ্তিৰ প্ৰতিও প্ৰশ্নৰ উত্থাপন কৰিছে ৷ গৰুখুটিৰ ঘটনাৰ পিছত অসমৰ সামগ্ৰিক পৰিস্থিতি খুবেই স্পৰ্শকাতৰ হৈ পৰা সময়তে শ্বেৰমান আলীৰ দৰে জনপ্ৰতিনিধিৰ মন্তব্যই এতিয়া সমাজত ভাঙোন সৃষ্টি কৰিব বুলি শংকা প্ৰকাশ কৰিছে সচেতন মহলে ৷