অসম

assam

ETV Bharat / videos

নিৰাপত্তাৰক্ষীয়ে ছাত্ৰক প্ৰহাৰ কৰাক লৈ উত্তপ্ত দুলীয়াজান অইল - দুলীয়াজান আৰক্ষী

By

Published : Oct 2, 2021, 8:44 PM IST

দুলীয়াজান অইলৰ নিৰাপত্তাৰক্ষীয়ে কোনো কাৰণ নোহোৱাকৈ তিনিগৰাকী ছাত্ৰক শাৰীৰিকভাৱে প্ৰহাৰ কৰাক লৈ উত্তপ্ত হৈ আছে দুলীয়াজান অইল ।‌ ঘটনা অনুসৰি, দুলীয়াজান অইলৰ বিষয়া আবাসীক অঞ্চলত নিৰাপত্তাৰ দায়িত্বত নিয়োজিত অইলৰ নিৰাপত্তাৰক্ষীয়ে কোনো কাৰণ নোহোৱাকৈ তিনিগৰাকী ছাত্ৰক শাৰীৰিকভাৱে প্ৰহাৰ কৰে । আহত ছাত্ৰ কেইগৰাকী হৈছে দুলীয়াজানৰ কমলাবাৰী পথৰ অনিশ দত্ত, বৰডুবি মাটিয়াখানা অঞ্চলৰ হৰিচিত ফুকন আৰু দুলীয়াজানৰ অইল আবাসীক অঞ্চলৰ নভা দিহিঙিয়া বুলি জানিব পৰা গৈছে । নিশা টিউচনৰ পৰা ঘৰৰ অভিমুখে আহি থকা সময়তেই অইলৰ নিৰাপত্তাৰক্ষীয়ে মাৰপিট কৰা বুলি ইতিমধ্যে দুলীয়াজান আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ভুক্তভোগী ছাত্ৰ কেইগৰাকীৰ পৰিয়ালে ।

ABOUT THE AUTHOR

...view details