হোজাইত শান্তিপূৰ্ণ ভাবে সমাপ্ত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন - Second phase polling peacefully ended in Hojai
হোজাই জিলাত শান্তিপূৰ্ণ ভাবে সমাপ্ত হ'ল দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন ৷ জিলাখনৰ তিনিটাকৈ সমষ্টিৰ ভোট গ্ৰহন প্ৰক্ৰিয়া শান্তিপূৰ্ণ ভাৱে সমাপ্ত হয় ৷ হোজাইত 67.17 শতাংশ, যমুনামুখত 63.53 শতাংশ আৰু লামডিঙত 69.52 শতাংশ ভোটদান সম্পন্ন হৈছে ৷ হোজাই জিলাৰ উপায়ুক্ত ডঃ সানেক সিঙে এই সম্পৰ্কে জানিবলৈ দিয়ে ৷