অসম

assam

By

Published : Mar 4, 2021, 8:25 PM IST

Updated : Mar 4, 2021, 8:39 PM IST

ETV Bharat / videos

ওলমি ৰৈছে অগপ-বিজেপিৰ আসনৰ ভাগ-বাটোৱাৰা

বিটিআৰত নিশ্চিত হ’ল ইউ পি পি এল- বিজেপিৰ আসনৰ ভাগ-বাটোৱাৰা ৷ বড়োভূমিত 7 খন আসনত প্ৰাৰ্থী আগবঢ়াব ইউ পি পি এলে ৷ 4 খন আসনত প্ৰতিদ্বন্দিতা কৰিব বিজেপিয়ে ৷ যদিহে নৱ শৰণীয়াই প্ৰতিদ্বন্দিতা কৰে তেন্তে এখন আসন গণ সুৰক্ষা পাৰ্টীক এৰি দিয়া হ’ব ৷ নৱ শৰণীয়াই প্ৰতিদ্বন্দিতা আগবঢ়াবলৈ অনিচ্ছুক হ’লে বিটিআৰত বিজেপিৰ আসন সংখ্যা হ’ব 5 খন ৷ কিন্তু লক্ষণীয় কথাটো হ’ল য়ে, বৰ্তমানেও ওলমি আছে অগপ-বিজেপিৰ আসনৰ ভাগ-বাটোৱাৰাৰ প্ৰসংগ ৷ বিজেপিয়ে অগপক দিব বিচাৰে 24 খন আসন ৷ কিন্তু অগপই প্ৰথমে 40 খন আসন বিচাৰিছিল যদিও বৰ্তমান 30 খন আসন বিচাৰিছে মিত্ৰদল বিজেপিক ৷ বৰ্তমান অগপৰ দখলত থকা 14 টা সমষ্টিৰ ভিতৰত বিজেপিক লাগে 4 টা সমষ্টি ৷ এইকেইটা সমষ্টি হ’ল লখিমপুৰ, কমলপুৰ, নাহৰকটীয়া, পাটাচাৰকুছি ৷ ইয়াৰ ভিতৰত লখিমপুৰ আৰু কমলপুৰ কোনোপধ্যেই অগপক দিবলৈ মান্তি নহয় বিজেপি ৷ বিজেপিৰ নিজৰ দখলত থকা হাজো আৰু ৰহা অগপক এৰি দিব খুজিছে বিজেপিয়ে ৷ আনহাতে, প্ৰাপ্ত তথ্য অনুসৰি তপন গগৈয়ে শিৱসাগৰ আৰু কামাখ্যা তাছাই মৰিয়নী অথবা তিতাবৰৰ পৰা প্ৰতিদ্বন্দিতা কৰিবলৈ মন মেলিছে ৷ এতিয়া মিত্ৰতাৰ খাতিৰত অগপই কেইখন আসন লাভ কৰে আৰু বিজেপিয়ে কোন কোন নতুন প্ৰাৰ্থীক প্ৰাৰ্থিত্ব প্ৰদান কৰে সেয়া লক্ষণীয় হ’ব ৷
Last Updated : Mar 4, 2021, 8:39 PM IST

ABOUT THE AUTHOR

...view details