বিশ্বনাথত নিৰ্বাচনী বিষয়া আৰু আৰক্ষীৰ সহযোগত তালাচী
ৰাজ্যত সমাগত বিধানসভা নিৰ্বাচন ৷ ইতিমধ্যে ৰাজ্যত নিৰ্বাচনী আচৰণ বিধি বলবৎ হৈ আছে ৷ উল্লেখযোগ্য যে, আৰক্ষীয়ে নিয়মীয়াকৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত তালাচী অভিযান অব্যাহত ৰাখিছে ৷ তাৰমাজতে বৃহস্পতিবাৰে তিনিচুকীয়াত জব্দ হৈছে বৃহৎ পৰিমাণৰ নগদ ধন ৷ বিশ্বনাথ জিলাৰ বিভিন্ন প্ৰান্তত নিৰ্বাচনী বিষয়াই আৰক্ষীৰ সহযোগত তালাচী আভিযান অব্যাহত ৰখা দেখা গৈছে ৷