ৰাজ্যত আৰম্ভ দশম শ্ৰেণীৰ অফলাইন পাঠদান প্ৰক্ৰিয়া - covid 19
প্ৰায় ৫ মাহৰ অন্তত আজি অৰ্থাৎ সোমবাৰৰ পৰা ৰাজ্যত আৰম্ভ হৈছে দশম শ্ৰেণীৰ অফলাইন পাঠদান । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মহানগৰীৰ বিদ্যালয় সমূহত আৰম্ভ হৈছে দশম শ্ৰেণীৰ পাঠদান । বিদ্যালয় কৰ্তৃপক্ষই চৰকাৰে বান্ধি দিয়া নীতি নিয়ম সম্পূৰ্ণ ৰূপে মানি আজিৰে পৰা আৰম্ভ কৰিছে পাঠদান প্ৰক্ৰিয়া । বিদ্যালয়সমূহৰ শ্ৰেণীকোঠা সমূহ পৰিষ্কাৰ কৰাৰ লগতে ছেনিটাইজ কৰিছে বিদ্যালয় কৰ্তৃপক্ষই । প্ৰতিটো শ্ৰেণীকোঠাতে ৩০ গৰাকীকৈ ছাত্ৰ-ছাত্ৰী বহোৱাৰ ব্যৱস্থা কৰিছে কৰ্তৃপক্ষই । ইপিনে ছাত্ৰ-ছাত্ৰী সকলেও প্ৰায় ৫ মাহৰ অন্তত বিদ্যালয়লৈ আহি স্বাভাৱিকতে উৎফুল্লিত হৈ পৰিছে ৷