ভূমি পট্টা প্ৰদানৰ দাবীত অনুসূচিত জাতি ছাত্ৰ সন্থাৰ প্ৰতিবাদ - উচ্ছেদ
ভূমিহীন ৰাইজক ভূমি পট্টা প্ৰদানৰ দাবীত উত্তাল শিৱসাগৰ ৷ অসম চৰকাৰৰ নিৰ্দেশমৰ্মে সমগ্ৰ ৰাজ্যজুৰি মাটিৰ দালালক আটক কৰি দালালৰাজ শেষ কৰাৰ বাবে মুখ্যমন্ত্ৰীয়ে যি সিদ্ধান্ত গ্ৰহণ কৰিছে, সেয়া সকলোৱে একেমুখে প্ৰশংসা কৰিছে । এনে সময়তে বুধবাৰে জিলাখনৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সম্মুখত সদৌ শিৱসাগৰ জিলা অনুসূচিত জাতি ছাত্ৰ সন্থাই ভূমিহীন ৰাইজক পট্টা প্ৰদানৰ দাবীত ৰূপায়ণ কৰে দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৷ বহু সময়ত চৰকাৰে পুঁজিপতিক হাজাৰ হাজাৰ বিঘা মাটি আৱণ্টন দিয়াৰ বিপৰীতে খিলঞ্জীয়া লোকসকলক ভূমি পট্টা প্ৰদান নকৰাক লৈ ক্ষোভ প্ৰকাশ কৰে সংগঠনটোৱে । ৰুদ্ৰসাগৰৰ ন পুখুৰী, পুৰণি পুখুৰীৰ পাৰত বছৰ বছৰ বসবাস কৰি অহা থলুৱা লোকসকলক প্ৰশাসনে উচ্ছেদৰ জৰিয়তে গৃহহীন কৰাৰ অভিযোগ তোলে সংগঠনটোৱে ৷ ভাটিবনগাঁও, পলসনি ইত্যাদি ঠাইৰ ৰাইজক শীঘ্ৰে ভূমি পট্টা প্ৰদান কৰাৰ ব্যৱস্থা নকৰিলে সংগঠনটোৱে পৰৱৰ্তী সময়ত জংগী আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলিও মন্তব্য কৰে ।