অসম

assam

ETV Bharat / videos

ভয়ংকৰ ভাৱে প্ৰদূষিত হৈছে ভৰলুৰ পানী

By

Published : Sep 22, 2021, 9:43 PM IST

মহানগৰীৰ ৩৩০ টা নলাৰ পানী ভৰলু নৈয়ে কঢ়িয়াই আহিছে । যাৰ ফলত ভয়ংকৰ ভাৱে প্ৰদূষিত হৈছে ভৰলুৰ পানী । ভৰলু নৈত জৈৱ পদাৰ্থৰ বাবে প্ৰয়োজনীয় অম্লজানৰ(BOD) গড় পৰিমাণ প্ৰতি লিটাৰত ৫২ মিলিগ্ৰাম পোৱা গৈছে । নদী এখনৰ পানী মানুহৰ ব্যৱহাৰ উপযোগী হ’বলৈ BOD ৰ পৰিমাণ প্ৰতি লিটাৰত ৩ মিলিগ্ৰামতকৈ কম হ’ব লাগে । এক সংবাদমেলত এই কথা সদৰী কৰে চেভ ভৰলু মিছনে । গুৱাহাটী প্ৰেছ ক্লাৱত আয়োজিত এক সংবাদমেলত মিছনৰ আহ্বায়ক ৰবিন মজুমদাৰে কয়, মহানগৰীৰ মাজেৰে জোনালীৰ পৰা ভৰলুমুখলৈ প্ৰবাহিত হোৱা ভৰলু নৈখনৰ দৈৰ্ঘ্য ৬.২ কিলোমিটাৰ । নলা নৰ্দমা, কল কাৰখানাৰ পানী আৰু আৱৰ্জনা ভৰলু নৈত নৈখনৰ পানী প্ৰদূষিত হৈ পৰিছে । ভৰলু পৰিষ্কাৰৰ ক্ষেত্ৰত গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত দেবাশীষ শৰ্মাই চেভ ভৰলু মিছনক তেওঁ আদৰণি জনায় । মহানগৰীৰ ভৰলুকে ধৰি ৫ খন নৈ পুনৰুজ্জিৱীত কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হ'ব বুলি কয় দেবাশীষ শৰ্মাই ৷

ABOUT THE AUTHOR

...view details