লখিমপুৰত স্বাধীনতা দিৱসৰ পতাকা উত্তোলন মন্ত্ৰী সঞ্জয় কিষাণৰ - লখিমপুৰত স্বাধীনতা দিৱস উদযাপন
উত্তৰ লখিমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত উদযাপন কৰা হয় দেশৰ 75 সংখ্যক স্বাধীনতা দিৱস ৷ স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰে অসম চৰকাৰৰ চাহ শ্ৰমিক উন্নয়ন দপ্তৰৰ মন্ত্ৰী তথা লখিমপুৰ জিলাৰ অভিভাৱক মন্ত্ৰী সঞ্জয় কিষাণে ৷ ক’ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি লখিমপুৰত এইবাৰ স্বাধীনতা দিৱসৰ পেৰেডত অংশগ্ৰহণ পৰা বিৰত থাকিল বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, এন চি চি আৰু স্কাউট গাইডৰ কেডাৰসমূহ । আৰক্ষী ৫ টা প্লাটুনৰ দলে পেৰেডত অংশগ্ৰহণ কৰি কুজ কাৱাজ কৰে । ভাষণৰ প্ৰসংগত মন্ত্ৰী সঞ্জয় কিষাণে অসম চৰকাৰে নতুনকৈ গ্ৰহণ কৰা বিভিন্ন উন্নয়নমূলক আঁচনিৰ ওপৰত আলোকপাত কৰে । ইয়াৰ লগতে বৰ্তমান অসমৰ সীমা সমস্যাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰি চৰকাৰে প্ৰতিবেশী ৰাজ্যসমূহৰ সৈতে আলোচনা কৰি স্থায়ী সমাধানৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে বুলিও কয় মন্ত্ৰী সঞ্জয় কিষাণে ।