অসম

assam

By

Published : May 28, 2021, 2:12 PM IST

ETV Bharat / videos

আমগুৰিত অসম যুৱ পৰিষদ আৰু বিজেপি কৰ্মীৰ দ্বাৰা চেনিটাইজেচন

আমগুৰিত অসম যুৱ পৰিষদ আৰু ভাৰতীয় জনতা পাৰ্টীৰ যৌথ উদ্যোগত চেনিটাইজেশ্যন কাৰ্যসূচী গ্ৰহণ ৷ আমগুৰি সামূহিক স্বাস্থ্যকেন্দ্ৰৰ লগতে আমগুৰি শাখা ষ্টেট বেংক, লখিমী বেংকৰ আৰু আমগুৰি নগৰৰ ব্যৱসায়িক প্ৰতিষ্ঠানত চেনিটাইজেশ্যন কাৰ্যসূচী গ্ৰহণ কৰে ৷ অগপৰ যুৱ নেতা সুদৰ্শন হাজৰিকাৰ নেতৃত্বত অগপ আৰু বিজেপিৰ কৰ্মীসকলে এই ছেনিটাইজেচন কাৰ্যসূচীত অংশগ্ৰহণ কৰে । উল্লেখ্য যে, আমগুৰিত প্ৰতিদিনেই ক'ভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে । ইতিমধ্যে সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকা ক'ভিডত আক্ৰান্ত হৈছে বুলি জানিব পৰা গৈছে । এনে পৰিপেক্ষিতত সকলো জনসাধাৰণক সজাগ আৰু সচেতন হ'বলৈ আহ্বান জনাইছে ।

ABOUT THE AUTHOR

...view details