হাঁহি হাঁহি ৰূপজ্যোতি কুৰ্মীয়ে ক'লে কংগ্ৰেছ আৰু অখিল শেষ
পঞ্চমবাৰৰ বাবে মৰিয়নী সমষ্টিৰ বিধায়ক হ'ল ৰূপজ্যোতি কুৰ্মী ৷ সমষ্টিটোত ৪০ হাজাৰ ভোটত জয় লাভ কৰাৰ পাচতে কুৰ্মীয়ে ক'লে, অখিল গগৈ একেবাৰে নিঃশেষ হৈ গ'ল ৷ দুৰ্ভাগ্যক্ৰমে শিৱসাগৰৰ বিধায়ক হ'ল অখিল গগৈ ৷ ইফালে কংগ্ৰেছও কেৱল অসমৰ পৰাই নহয় ভাৰতৰ পৰাই নিঃশেষ হ'বলৈ গৈ আছে ৷ লগতে মৰিয়নী সমষ্টিটো কংগ্ৰেছৰ দুৰ্গ বুলি ভৱাতো এটা ভুল ধাৰণা বুলি কয় ৰূপজ্যোতি কুৰ্মীয়ে ৷