অসম

assam

By

Published : Sep 7, 2021, 9:39 AM IST

ETV Bharat / videos

9 গৰাকী সাংবাদিকলৈ ৰটাৰী মেডিয়া হিৰ’ বঁটা

শিৱসাগৰ ৰটাৰী ক্লাবৰ বিশেষ পদক্ষেপ ৷ শিৱসাগৰৰ ৯ গৰাকী সাংবাদিকক প্ৰদান ৰটাৰী মেডিয়া হিৰ’ বঁটা ৷ শিক্ষক দিৱসৰ দিনা জিলাখনৰ ৰটাৰী ক্লাবে সাংবাদিকসকলক প্ৰদান কৰে এই বঁটা ৷ বঁটা লাভ কৰা সাংবাদিকসকল হৈছে ক্ৰমে - সুমেশ ডেকা, মনোজ বৰঠাকুৰ, ইনামূল হাজৰিকা, অতনু বৰা, নবুল কোঁৱৰ, পৱন আগৰৱালা, উমেশ চেতিয়া, কৌস্তভমণি কাকতি আৰু ৰাজীৱ দত্ত । বঁটা প্ৰাপকসকলক অংগ বস্ত্ৰ, মানপত্ৰৰ লগতে একোটাকৈ উপহাৰৰ টোপোলা আগবঢ়োৱা হয় । ৰাইজৰ দুখ-দুৰ্দশাৰ ছবি দাঙি ধৰি গঠনমূলক সাংবাদিকতাৰ প্ৰতি উৎসৰ্গিত সাংবাদিকসকলক উৎসাহিত কৰাৰ বাবে এই বঁটা প্ৰৱৰ্তন আৰু প্ৰদান কৰা হৈছে ৷ এই কথা সদৰী কৰে অনুষ্ঠানৰ উদ্যোক্তাসকলে । একেটা অনুষ্ঠানতে জিলাখনৰ দুগৰাকী বিশিষ্ট শিক্ষাবিদ ক্ৰমে শিৱসাগৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ৰমন শৰ্মা আৰু লখিমী নগৰ উচ্চ মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক ব্ৰজেন বৰাকো ক্লাবে বিশিষ্ট শিক্ষকৰ বঁটা প্ৰদান কৰে । ক্লাবৰ সভাপতি মানৱ দত্তৰ পৰিচালনাত অনুষ্ঠিত বঁটা প্ৰদান অনুষ্ঠানত শিৱসাগৰ প্ৰেছ ক্লাবৰ সভাপতি তথা শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ সৌমাৰজ্যোতি মহন্ত মুখ্য অতিথিৰূপে উপস্থিত থাকে ।

ABOUT THE AUTHOR

...view details