মছমছীয়া ৰ’জ কুকিজেৰে পালন কৰক বৰদিন - ৰ’জ কুকিজ
খাদ্যৰ আকৰ্ষণীয়তা তেতিয়াহে প্ৰকাশ পাই যেতিয়া ইয়াৰ প্ৰস্তুত প্ৰণালী সম্পৰ্কে জনা যায় ৷ এই বৰদিনত নিজেও খাওঁক আৰু আনকো খাবলৈ দিয়ক তেনে এক খাদ্য,যি অতীতৰে পৰা সকলোৰে মাজত জনপ্ৰিয় ৷ সেয়া হৈছে- মছমছীয়া আৰু সোৱাদেৰে ভৰা ৰ’জ কুকিজ ৷ প্ৰস্তুত কৰিবলৈ তেনেই সহজ এই কুকিজবিধ দক্ষিণ ভাৰত বিশেষকৈ কেৰালাবাসীৰ মাজত অতিকৈ জনপ্ৰিয় ৷ এই কুকিজৰ জন্মস্থলী ইউৰোপ ৷ পৰৱৰ্তী সময়ত ইউৰোপীয়ানসকলে ভাৰতলৈ এই কুকিজ আনে আৰু তেনেদৰে ভাৰততো এই কুকিজবিধে সমাদৰ লাভ কৰে ৷ তেলেগু ভাষাত এই কুকিজবিধৰ নাম গুলাবী পাভুলু ৷ তামিলত আচ্ছু মুৰুক্কু আৰু মালায়ালমত আচ্ছাপাম ৷ কেৱল বৰদিন বুলিয়েই নহয় এই কুকিজবিধ বছৰৰ সকলো সময়তে খাদ্যৰসিকৰ মাজত সমাদৰ লাভ কৰে ৷