চাবুৱা আৰক্ষী থানাত ৰঙালী বিহু উদযাপন - Rongali Bihu
বাপতি সাহোন হেঁপাহৰ বিহুটিক লৈ উৎসৱমুখৰ হৈ পৰিছে চৌদিশ । ঢোল-পেঁপাৰ মাতত মতলীয়া হৈ পৰিছে সকলো । চাবুৱাবাসীয়ে উলহ-মালহেৰে পালন কৰিছে মুকলি বিহু ৷ চাবুৱাত সৰ্ব সাধাৰণৰ লগতে আৰক্ষীৰ লোকেও কৰ্ম ব্যস্ততাৰ মাজতো উদযাপন কৰিছে বিহু ৷ থানা চৌহদত বিহু নাচৰ প্ৰতিযোগিতা আয়োজন কৰিলে চাবুৱা আৰক্ষীয়ে ৷ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা কিশোৰীসকলক বঁটা প্ৰদান কৰি উৎসাহিত কৰে চাবুৱা আৰক্ষীয়ে ৷ কৰ্ম ব্যস্ততাৰ মাজতো আৰক্ষীয়ে কিছুসময় নাচি-বাগি বিহুৰ আনন্দত মতলীয়া হোৱা পৰিলক্ষিত হয় ৷