অসম

assam

ETV Bharat / videos

শিলচৰত সংঘটিত ডকাইতিৰ ঘটনা, লুটি নিলে নগদ ধনসহ সোণৰ অলংকাৰ

By

Published : Aug 17, 2020, 2:11 PM IST

শিলচৰৰ নতুন বজাৰত সংঘটিত ডকাইতিৰ ঘটনা ৷ নিশা 7 জনীয়া এটা ডকাইতৰ দলে নতুন বজাৰৰ বাসিন্দা অনুপ নাথ নামৰ এগৰাকী লোকৰ ঘৰৰ পৰা লুটি নিলে প্ৰায় ৪ লাখ টকা নগদ ধনসহ সোণৰ অলংকাৰ ৷ ঘৰৰ দুৱাৰ ভাঙি ডকাইতৰ দলটোৱে ভিতৰত প্ৰৱেশ কৰি লুটপাত চলায় বুলি জানিবলৈ দিয়ে গৃহস্থই ৷ ডকাইতৰ দলটোৱে লগত বন্দুক, লাঠীকে ধৰি বহু চোকা অস্ত্ৰ লৈ আহিছিল বুলিও জানিবলৈ দিয়ে তেওঁলোকে ৷ লুটপাত কৰি যোৱাৰ সময়ত ডকাইতৰ দলটোৱে অনুপ নাথক গুলীওৱাৰ ফলত, ভৰিত গুলী লাগি গুৰুতৰভাৱে লোকগৰাকী আহত হয় ৷ ঘটনা সন্দৰ্ভে অৱগত হোৱাৰ পাচত সোমবাৰে পুৱা ঘটনাস্থলীত কাছাৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক জগদীশ দাস উপস্থিত হৈ তদন্ত আৰম্ভ কৰে ৷

ABOUT THE AUTHOR

...view details