Robbery in Guwahati: মহানগৰীত দিন ডকাইতে লুটিলে নগদ ধন - Guwahati Robbery footage
গুৱাহাটী মহানগৰীত পুনৰ সংঘটিত হৈছে দিন ডকাইতিৰ ঘটনা (Robbery in Guwahati)। লাচিত নগৰৰ বেংক অৱ বৰোদাৰ সন্মুখতে দুৰ্বৃত্তই থপিয়াই নিলে ৩ লাখ ৪ হাজাৰ টকা । সমগ্ৰ ঘটনা বন্দী হৈছে CCTV কেমেৰাত । বাইকত অহা দুৰ্বৃত্তই চোকা অস্ত্ৰ দেখুৱাই লুটি নিলে ধনখিনি । পদ্মজা গেছ এজেঞ্চিৰ পৰা সঞ্জীৱ মেধী নামৰ কৰ্মচাৰীজনে বেংক অৱ বৰোদাত জমা থ’বলৈ নিছিল টকাখিনি । গেছ এজেঞ্চিৰ পৰা ৩ লাখ ৪ হাজাৰ টকা লাচিত নগৰস্থিত বেংক অৱ বৰোদাত জমা থবলৈ আহি থকা অৱস্থাত বেংকৰ সন্মুখৰ পৰা এজন দুৰ্বৃত্তই চুৰি দেখুৱাই বেগখন টানি লৈ নম্বৰ প্লেটবিহীন মটৰচাইকেলেৰে পলায়ন কৰে ।