কামপুৰত দক্ষিণ নগাঁও সাংবাদিক ঐক্য মঞ্চৰ প্ৰতিবাদ
অসমৰ এক ব্যক্তিগত সংবাদ মাধ্যমৰ সাংবাদিকক মন্ত্ৰী পীযুষ হাজৰিকাই দিয়া ভাবুকিয়ে তুলপাৰ লগাইছে ৰাজ্য ৷ সাংবাদিকক মন্ত্ৰী পীযুষ হাজৰিকাই দিয়া ভাবুকিক দক্ষিণ নগাঁও ঐক্য মঞ্চই তীব্ৰ গৰিহনা দিয়াৰ লগতে এনে কাৰ্যৰ বাবে মন্ত্ৰী পীযুষ হাজৰিকাক গ্ৰেপ্তাৰৰ দাবীত ক'লা বেজ পৰিধান কৰি কামপুৰ টাউনত দক্ষিণ নগাঁও সাংবাদিক ঐক্য মঞ্চৰ সদস্যসকলে দুঘন্টা জোৰা এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে । মন্ত্ৰীগৰাকীৰ এনে কৰ্ম-কাণ্ডৰ বাবে সকলোৱে একেমুখে তীব্ৰ গৰিহনা দিয়াৰ লগতে মন্ত্ৰীজনক গ্ৰেপ্তাৰৰ দাবীত বিভিন্ন শ্ল’গানেৰে আকাশ-বতাহ উত্তাল কৰি তোলে কামপুৰৰ প্ৰতিবাদী সাংবাদিক সকলে ৷