অসম

assam

By

Published : Mar 1, 2021, 9:21 PM IST

ETV Bharat / videos

ৰিপ’ৰ্ট কাৰ্ড: তিনিচুকীয়াৰ পাঁচটা সমষ্টিৰ সবিশেষ বিৱৰণ

2021 ৰ অসম বিধানসভা নিৰ্বাচনৰ বাবে দেশৰ নিৰ্বাচন আয়োগে ঘোষণা কৰিলে নিৰ্বাচনৰ তাৰিখ ৷ নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰাৰ লগে লগে ৰাজ্যত বলৱৎ হ'ল নিৰ্বাচনী আচৰণ বিধি ৷ কোন জিলাৰ কোন সমষ্টি কোন দলে দখল কৰিব তাক লৈ এতিয়া ৰাজ্যত চলিছে ব্যাপক চৰ্চা ৷ তিনিচুকীয়া জিলাত মুঠ বিধানসভা সমষ্টি 5 টা আৰু জিলাখনত মুঠ ভোটাৰৰ সংখ্যা 837211 ৷ তিনিচুকীয়াৰ পাঁচটা সমষ্টিৰ ভিতৰত তিনিচুকীয়া, ডিগবৈ, মাৰ্ঘেৰিটা আৰু শদিয়া সমষ্টি আছে বিজেপিৰ দখলত আৰু ডুমডুমা সমষ্টি আছে কংগ্ৰেছৰ দখলত ৷ তিনিচুকীয়া সমষ্টিক বিগত পাঁচবছৰে প্ৰতিনিধিত্ব কৰি আহিছে সঞ্জয় কিষাণে ৷ ডিগবৈ সমষ্টি বৰ্তমান আছে বিধায়ক সুৰেন ফুকনৰ দখলত ৷ মাৰ্ঘেৰিটা সমষ্টিক প্ৰতিনিধিত্ব কৰি আছে ভাস্কৰ শৰ্মাই ৷ একেদৰে শদিয়া সমষ্টিক প্ৰতিনিধিত্ব কৰি আছে বলীন চেতিয়াই ৷ তিনিচুকীয়াত মাত্ৰ ডুমডুমা সমষ্টিটো আছে কংগ্ৰেছ বিধায়ক দুৰ্গা ভূমিজৰ দখলত ৷

ABOUT THE AUTHOR

...view details