অসম

assam

ৰিপ’ৰ্ট কাৰ্ড: হোজাই জিলাৰ 3 টা সমষ্টিৰ বিশেষ বিৱৰণ...

By

Published : Mar 17, 2021, 8:25 PM IST

27 মাৰ্চত ৰাজ্যত অনুষ্ঠিত হ'ব অসম বিধানসভাৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচন ৷ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ইতিমধ্যে প'ষ্টেল বেলটযোগে ভোটগ্ৰহণ আৰম্ভ হৈছে ৷ মূখ্য দল বিজেপি আৰু কংগ্ৰেছৰ বাহিৰেও নৱগঠিত আঞ্চলিক ৰাজনৈতিক শক্তিয়ে এইবাৰ নিৰ্বাচনত কি প্ৰভাৱ পেলাব তাক লৈও চলিছে ব্যাপক চৰ্চা ৷ হোজাই জিলাৰ মুঠ সমষ্টি 3 টা ৷ যমুনামুখ, হোজাই আৰু লামডিং ৷ জিলাখনৰ মুঠ ভোটাৰ 6, 90,307 ৷ যমুনামুখ সমষ্টি আব্দুৰ ৰহিম আজমল, হোজাই শিলাদিত্য দেৱ আৰু লামডিং সমষ্টি আছে শিবু মিশ্ৰৰ দখলত ৷ 2016 চনৰ নিৰ্বাচনত যমুনামুখত আব্দুৰ ৰহিম আজমলে লাভ কৰে 65599 ভোট আৰু ৰেজাইল কৰিম চৌধুৰীয়ে লাভ কৰে 52195 টা ভোট ৷ হোজাইত শিলাদিত্য দেৱে লাভ কৰে 105615 টা ভোট আৰু ধনীৰাম থাউচেনে লাভ কৰে 49756 টা ভোট ৷ লামডিঙত শিবু মিশ্ৰই লাভ কৰে 72072 টা ভোট আৰু কংগ্ৰেছৰ নেত্ৰৰঞ্জন মহন্তই লাভ কৰে 41672 টা ভোট ৷ আব্দুৰ ৰহিম আজমলৰ শিক্ষাগত অৰ্হতা স্নাতকোত্তৰ আৰু তেওঁৰ বিৰুদ্ধে নাই কোনো আইনী গোচৰ ৷ শিলাদিত্য দেৱৰ শিক্ষাগত অৰ্হতা স্নাতকোত্তৰ আৰু তেওঁৰ বিৰুদ্ধে আছে দুটাকৈ গোচৰ ৷ লামডিঙৰ বিধায়ক শিবু মিশ্ৰ দশম শ্ৰেণী উত্তীৰ্ণ আৰু তেওঁৰ বিৰুদ্ধে কোনো আইনী গোচৰ নাই ৷

ABOUT THE AUTHOR

...view details