অখিল গগৈ(Akhil Gogoi)ৰ মুক্তিৰ সন্দৰ্ভত ভিন্নজনৰ প্ৰতিক্ৰিয়া
ডেৰ বছৰ ধৰি কাৰাৰুদ্ধ হৈ আছিল কৃষক মুক্তি সংগ্ৰাম সমিতি(KMSS) ৰ নেতা তথা শিৱসাগৰৰ বৰ্তমানৰ বিধায়ক(Sivsagar MLA) অখিল গগৈ ৷ অৱশেষত মুকলি আকাশৰ তললৈ অহাৰ পথ প্ৰশস্ত হ'ল অখিল গগৈ(Akhil Gogoi)ৰ ৷ 'NIA' ৰ সকলো গোচৰৰ পৰা দোষমুক্ত হ'ল অখিল গগৈ । বৃহস্পতিবাৰে গগৈৰ বিৰুদ্ধে চাৰ্জ ফ্ৰেম সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰি NIA ৰ বিশেষ আদালতে অখিল গগৈক দোষমুক্ত কৰে ৷ NIA ৰ তৰফৰ পৰা অখিল গগৈক দোষী সাব্যস্ত কৰিব পৰা কোনো তথ্য তথা যুক্তি নথকাত আদালতে দোষমুক্ত কৰে ৷