মিজো আৰক্ষীৰ বৰ্বৰতাক দুৰ্ভাগ্যজনক আখ্যা বিধায়িকা নন্দিতা গাৰ্লচাৰ - অসম মিজোৰাম সীমান্ত সংঘাত বাতৰি
অসম-মিজোৰাম সীমান্তত (Assam Mizoram Border) সোমবাৰে মিজো আৰক্ষীৰ বৰ্বৰ আক্ৰমনত 5জন অসম আৰক্ষীৰ জোৱান শ্বহীদ হ'বলগীয়া হয় ৷ উক্ত ঘটনাটো সংঘটিত কৰা মিজো আৰক্ষীক তীব্ৰ গৰিহণা দিয়ে মুখ্যমন্ত্ৰী তথা বিভিন্ন দল-সংগঠনে ৷ সমান্তৰালকৈ এই ঘটনাত দুখ প্ৰকাশ কৰাৰ লগতে অতি দুৰ্ভাগ্যজনক বুলি মন্তব্য কৰে ডিমা হাছাওৰ বিধায়িকা নন্দিতা গাৰ্লচাই (Nandita Garlosa)। মঙলবাৰে হাফলঙত এখন সংবাদমেল সম্বোধন কৰি এই মন্তব্য কৰে বিধায়িকাগৰাকীয়ে ৷ 26 জুলাইত অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই দুদিনীয়া ভ্ৰমণ সূচীৰে হাফলঙত উপস্থিত হৈছিল ৷ সেই মূহুৰ্ততে মিজো আৰক্ষীয়ে সংঘটিত কৰে বৰ্বৰ আক্ৰমনটো ৷ এনে আক্ৰমণৰ ঘটনা অতি দুৰ্ভাগ্যজনক। মুখ্যমন্ত্ৰীৰ সৈতে হাফলঙত সভা অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও উক্ত ঘটনাটোৰবাবে সেয়া বাতিল কৰিবলগীয়া হয় । ইফালে ঘটনাটো সংঘটিত হোৱাৰ পাছতেই মঙলবাৰে পুৱাৰভাগতেই হাফলঙৰ পৰা মুখ্যমন্ত্ৰীগৰাকী শিলচৰত উপস্থিত হৈ পৰিস্থিতি বুজ লয়। মিজো আৰক্ষীৰ গুলিত অসম আৰক্ষীৰ যি 5 গৰাকীকৈ জোৱানৰ মৃত্যু হ'ল সেয়া কেতিয়াও অথলে নাযায় ৷ দেশৰ বাবে বলিদান দিয়া আৰক্ষীসকলৰ প্ৰতি শ্ৰদ্ধা জনোৱাৰ লগতে গভীৰ শোক প্ৰকাশ কৰে বিধায়িকা নন্দিতা গাৰ্লচাই । শোক-সন্তপ্ত পৰিয়ালবৰ্গলৈও সমবেদনা জ্ঞাপন কৰে বিধায়িকা নন্দিতা গাৰ্লচাই ৷