নাৰী কেলেংকাৰীত জড়িত ৰিপুন বৰাঃ নিলম্বিত জেষ্ঠ কংগ্ৰেছ নেতা ৰমেন বৰঠাকুৰৰ বিস্ফোৰণ
গুৱাহাটী, 16 জুন: ‘‘ৰিপুন বৰা নাৰী কেলেংকাৰীত জড়িত, হত্যা অভিযোগেৰে অভিযুক্ত ৰিপুন বৰা, বিত্তীয় কেলেংকাৰীতো অভিযুক্ত তেওঁ ৷ প্ৰদেশ কংগ্ৰেছৰ এজন সম্পাদক সঞ্জু বৰাৰ জৰিয়তে ৰিপুন বৰাই মোক এক কোটি টকা বিচাৰিছিল ৷ শনিবাৰে ৰিপুন বৰাই লোৱা সিদ্ধান্ত পত্নীক সন্তুষ্ট কৰিবলৈ লোৱা সিদ্ধান্তহে ৷’’ এই মন্তব্য জেষ্ঠ নেতা ৰমেন বৰঠাকুৰৰ ৷ সুদীৰ্ঘ 19 বছৰে কংগ্ৰেছ দলত নেতৃত্ব দি অহা জেষ্ঠ নেতা ৰমেন বৰঠাকুৰক দল বিৰোধী কাৰ্যত লিপ্ত থকাৰ অভিযোগত নিলম্বনৰ কৰা বুলি প্ৰচাৰ চলোৱাৰ পাচতে এনেদৰে ৰিপুন বাৰৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ পৰিছে নিলম্বিত জেষ্ঠ নেতাগৰাকী ৷ ইমানেই নহয়, ৰিপুন বৰাৰ এই সিদ্ধান্তক সম্পূৰ্ণৰূপে প্ৰতিশোধৰ ৰাজনীতিৰ বুলি আখ্যা দিয়ে বৰঠাকুৰে ৷ ইয়াৰোপৰিও তেওঁ কয় যে, দলৰ বিৰুদ্ধে কোনো ধৰণৰ মন্তব্য কৰা নাই; তেওঁ কেৱল ৰিপুন বৰাৰ বিৰুদ্ধেহে বিগত সময়চোৱাতো উত্থাপন কৰি আহিছিল বহুতো গোচৰ ৷