অসম

assam

ETV Bharat / videos

Akhil Gogoi on New Covid SOP : মাঘ বিহু উদযাপনক লৈ দিয়া বাধাৰ বিৰোধিতা অখিল গগৈৰ - MLA Akhil gogoi on new covid SOP of Assam

By

Published : Jan 8, 2022, 12:12 PM IST

ৰাজ্যত অ’মিক্ৰণৰ সংক্ৰমণ (Covid cases increase in Assam) ৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰে ইতিমধ্যে প্ৰতিৰক্ষামূলক ব্যৱস্থা হাতত লৈছে । শুকুৰবাৰে চৰকাৰে ঘোষণা কৰা নতুন নিৰ্দেশনা অনুসৰি অসমীয়াৰ হিয়াৰ আমঠু মাঘ বিহু উদযাপনত কিছু বাধা-নিষেধ আৰোপ কৰা হৈছে । ইয়াকে লৈ সৰৱ হৈ পৰিছে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ (Akhil Gogoi on New Covid SOP) । শনিবাৰে শিৱসাগৰত অনুষ্ঠিত হোৱা ৰাইজৰ দলৰ প্ৰথম প্ৰতিষ্ঠা দিৱসৰ মঞ্চৰ পৰাই বিধায়ক গৰাকীয়ে অসমৰ মুখ্যমন্ত্ৰীক মাঘ বিহু উদযাপনত আৰোপ কৰা বাধা (New sop on covid restricts uruka celebration) উঠাই ল'বলৈ আহ্বান জনায় । গগৈয়ে কয় যে, যি সময়ত পূজা, বছৰৰ শেষ দিন উদযাপিত হৈছে, মেল-মিটিং হৈছে, নিৰ্বাচন হৈছে, সেই সময়ত চৰকাৰে মাঘ বিহু উদযাপনত বাধা আৰোপ কৰিছে । চলিত মাহতে দেউৰী স্বায়ত্ব শাসন আৰু ঠেঙাল কছাৰী স্বায়ত্ব পৰিষদৰ নিৰ্বাচন আছে । হয়তো পৌৰ নিকায়সমূহৰো নিৰ্বাচন অনুষ্ঠিত হ'ব ৷ যাৰ বাবে ৰাজ্য চৰকাৰক বিহু উদযাপনত আৰোপ কৰা বাধা প্ৰত্যাহাৰ কৰিবলৈ আহ্বান জনাইছে শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে ।

ABOUT THE AUTHOR

...view details