দিল্লীৰ নিৰ্বাচনী ফলাফলক লৈ কি কয় অসমৰ ৰাইজে ? - তেজপুৰ ৰাইজ দিল্লী নিৰ্বাচন
62 খন আসন লাভেৰে পুনৰ দিল্লীৰ ক্ষমতা দখল কৰিলে আম আদমী পাৰ্টীয়ে ৷ সৰ্বশক্তি প্ৰয়োগ কৰিও কেজৰিৱাল বাহিনীৰ ওচৰত মাত্ৰ 8 খন আসনতে থমকিব লগা হ'ল গেৰুৱা বাহিনী ৷ ইফালে এক কথাত কংগ্ৰেছমুক্ত হ'ল দিল্লী, দলটোৱে লাভ কৰিবলৈ সক্ষম নহ'ল এখনো আসন ৷ আচলতে অৰবিন্দ কেজৰিৱালৰ কাম কাজক লৈ যে দিল্লীৰ জনতা সম্পূৰ্ণভাৱে সন্তুষ্ট হৈছিল এই কথা প্ৰতিপন্ন কৰিলে নিৰ্বাচনী ফলাফলে ৷ কেজৰিৱালৰ কাম কাজক লৈ সন্তুষ্ট হোৱা দিল্লীৰ জনতাক সেয়ে আকৰ্ষণ কৰিব নোৱাৰিলে বিজেপিয়ে উত্থাপন কৰা শ্বাহিনবাগ, পাকিস্তান, আতংকবাদী অথবা দেশদ্ৰোহীৰ বিষয়বোৰে ৷ এনে প্ৰেক্ষাপটত সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমতো দিল্লীৰ ৰাজনীতিয়ে প্ৰভাৱ পেলাইছে ৷ এই সন্দৰ্ভত তেজপুৰৰ সচেতন ৰাইজ , সাংবাদিক তথা নৱ প্ৰজন্মৰ প্ৰতিক্ৰিয়া জানিবলৈ চাওঁক এই প্ৰতিবেদন .....