অসম আৰক্ষীৰ উপ পৰিদৰ্শকৰ পৰীক্ষা বাতিল: অসম জাতীয় পৰিষদৰ প্ৰতিক্ৰিয়া
নিবনুৱা সংস্থাপনৰ বাবে ৰাজ্য চৰকাৰে ইতিমধ্যে বিভিন্ন বিভাগৰ খালী পদ পূৰণৰ বাবে প্ৰকাশ কৰিছে বিজ্ঞাপন ৷ সেই অনুসৰি দেওবাৰে অনুষ্ঠিত হৈছিল অসম আৰক্ষীৰ উপ পৰিদৰ্শকৰ পদৰ পৰীক্ষা ৷ কিন্তু লক্ষাধিক নিবনুৱাৰ সপোনত চেঁচা পানী ঢালি মুহুৰ্ততে বাতিল হ’ল এই পৰীক্ষা ৷ কিয়নো পৰীক্ষাৰ পূৰ্বেই ফাদিল হৈছে প্ৰশ্নকাকত ৷ এই সম্পৰ্কত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে অসম জাতীয় পৰিষদৰ মুখ্য আহ্বায়ক জগদীশ ভূঞাই ৷ ভূঞাৰ মতে চৰকাৰে নৱ প্ৰজন্মৰ সৈতে হেতালি খেলিছে ৷ কিয়নো পূৰ্বেও ৰাজ্য চৰকাৰৰ দ্বাৰা অনুষ্ঠিত হোৱা বিভিন্ন পৰীক্ষাৰ প্ৰশ্ন ফাদিল হৈছিল ৷