অসম

assam

ETV Bharat / videos

Mob lynching in Jorhat : শংকৰজ্যোতি বৰুৱাৰ প্ৰতিক্ৰিয়া প্ৰকাশ - Sankarjyoti Baruah on Mob lynching in Jorhat

By

Published : Dec 1, 2021, 12:41 PM IST

আছু নেতা অনিমেষ ভূঞা(AASU leader Animesh Bhuyan)ৰ বৰ্বৰ হত্যাকাণ্ড(Mob lynching in Jorhat)ৰ মূল অভিযুক্ত নীৰজ দাস ওৰফে ক'লা ল'ৰাৰ মৃত্যুৰ পিছতেই সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা(AASU General Secretary Sankar Jyoti Baruah)ই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । ক'লা ল'ৰাৰ মৃত্যুত একপ্ৰকাৰ আনন্দ প্ৰকাশ কৰি আছুৰ সাধাৰণ সম্পাদকগৰাকীয়ে কয় যে, ন্যায়িক আদালতৰ ওপৰতো যে এখন আদালত আছে, সেয়া আজি প্ৰমাণিত হৈছে ৷ যোৰহাটত আতংকৰ সৃষ্টি কৰি অহা নীৰজ দাস ওৰফে ক'লা ল'ৰাৰ মৃত্যুত অনিমেষ ভূঞাৰ আত্মাই শান্তি লাভ কৰা বুলিও মন্তব্য কৰে বৰুৱাই ৷ উল্লেখ্য যে, বুধবাৰে পুৱতি নিশা আছু নেতা অনিমেষ ভূঞাৰ হত্যাকাণ্ডৰ মূল অভিযুক্ত নীৰজ দাসে আৰক্ষীৰ জিন্মাৰ পৰা পলায়নৰ চেষ্টা কৰোতে আন এখন আৰক্ষীৰ বাহনে খুন্দিওৱাত মৃত্যু ঘটে ৷

ABOUT THE AUTHOR

...view details