অসম

assam

ETV Bharat / videos

পৰম্পৰাগতভাৱে মৰাণসকলে উদযাপন পন কৰিলে ৰাতি বিহু - পৰম্পৰাগত ভাৱে উদযাপন মৰাণ জনগোষ্ঠীৰ ৰাতি বিহু

By

Published : Apr 23, 2021, 11:00 AM IST

বৃহস্পতিবাৰে নিশা কাকপথাৰ ডিৰাক কঠালগুৰীৰ ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত কৰা হয় অসমৰ অন্যতম ভূমিপুত্ৰ জনগোষ্ঠী মৰাণ সকলৰ পৰম্পৰাগত ‘ৰাতি বিহু’ ৷ ডিৰাক আৰু লেকাং আঞ্চলিক মৰাণ ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত হোৱা ৰাতি বিহুত অঞ্চলটোৰ প্ৰায় দুইশতাধিক নাচনীয়ে অংশগ্ৰহণ কৰে ৷ উল্লেখ্য যে, ক’ভিড প্ৰ’ট’কল মানি মৰাণ জনগোষ্ঠীৰ সম্পূৰ্ণ ৰীতি-নীতিয়ে দিনৰ ভাগত মৰাণ জনগোষ্টীৰ কলা সংস্কৃতি প্ৰদৰ্শন, কড়ি খেল আৰু তাৰ পিছত নিশা ভাগত অনুষ্ঠিত কৰা হয় ৰাতি বিহু ৷ ৰাতি বিহুত অসমৰ জনপ্ৰিয় অভিনেত্ৰী তথা বিহুৱতী মণিকাঞ্চন কোঁৱৰকে ধৰি মৰাণ ছাত্ৰ সন্থা, মৰাণ সভা, মৰাণ মহিলা পৰিষদৰ নেতৃবৃন্দই অংশগ্ৰহণ কৰে ৷

ABOUT THE AUTHOR

...view details