সোণাৰিৰ চফ্ৰাইত শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱৰ আখৰা তুংগত - ৰাস
ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে চৰাইদেউ সোণাৰিৰ চফ্ৰাইতো শ্ৰীশ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱৰ আয়োজন কৰা হৈছে । চফ্ৰাই মোহনগাঁওস্থিত ৰজাপুখুৰী সাৰ্বজনীন বৰনামঘৰত আগন্তুক ১৭ অক্টোবৰৰ পৰা ২০ অক্টোবৰলৈকে চাৰিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হ'ব ৰাস মহোৎসৱ । ৭৬ বছৰত ভৰি দিয়া ৰাস মহোৎসৱ এইবাৰ হীৰক জয়ন্তী বৰ্ষ হিচাপে উদযাপন কৰা হ'ব । উল্লেখ্য যে, বিগত বৰ্ষত কৰ'ণাৰ বাবে ৰাস মহোৎসৱ উদযাপন কৰিব পৰা নাছিল উদযাপন সমিতিয়ে । ইয়াৰ পৰিপ্ৰেক্ষিতত এইবাৰ অনুষ্ঠিত হ'বলগীয়া ৰাস মহোৎসৱৰ বাবে ইতিমধ্যে অব্যাহত ৰাখিছে ৰাসৰ আখৰা ৷ ইফালে ৰাস মহোৎসৱৰ লগত সংগতি ৰাখি নামঘৰ পৰিচালনা সমিতিয়ে কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচী গ্ৰহণ কৰা বুলি জানিবলৈ দিছে ৷